পাঠ্যক্রম সম্পর্কে
অংকুৰ :
বিভিন্ন শৈক্ষিক সা-সঁজুলি আৰু খেলা-ধুলার মাধ্যমেৰে প্ৰকৃতিৰ লগতে আধুনিক জগতৰ বিভিন্ন সামগ্ৰীৰ লগত পৰিচিত কৰোৱা হয়। ৰং, আকৃতি, গাঁথনি, অবয়ৱ মাত্ৰা, দূৰত্ব আদিৰ লগতে আখৰ আৰু সংখ্যাৰ নিতান্ত প্রাথমিক জ্ঞানখিনি দিয়া হয় । কুমলীয়া শিশুৱে যাতে স্বতঃস্ফুতভাৱে শিকিব পাৰে তাৰ কাৰণে প্ৰশিক্ষণ প্রাপ্ত শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰা সুচিন্তিত কাৰ্যক্ৰমেৰে শিক্ষাদান কৰা হয়।
প্রাক-প্রাথমিক :
অংকুৰ পাঠ্যক্ৰমৰ পৰিবৰ্ধিত আৰু বিস্তৃত ৰূপৰ লগতে শব্দার্থ পৰিবেশ, ভাৱ লয়, আৰু সৃজনশীল চৰ্চাৰ কাৰণে বিশেষভাৱে প্ৰস্তুত কৰি উলিওঁৱা ছন্দময় শিশুগীত ব্যৱহাৰ কৰা হয়।
প্রথম শ্রেণী পঞ্চম শ্ৰেণী :
ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ পাঠ্যক্ৰম অনুসৰণ কৰিলেও ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ পৰামৰ্শৱলীও ভিত্তি হিচাপে লোৱা হয়। ছাত্ৰ-ছাত্ৰীসকলৰ এটা মানৱীয় যুক্তিবাদী, বস্তুনিষ্ঠ আৰু বৈজ্ঞানিক মনৰ ভেটি তৈয়াৰ কৰিবলৈ বিশেষভাৱে প্ৰস্তুত কৰি উলিওঁৱা পৰীক্ষা-নিৰীক্ষা আৰু কাম কাজ কৰিবলৈ দিয়া হয়।
ষষ্ঠ শ্রেণী- দশম শ্রেণী :
অসম মাধ্যমিক শিক্ষা পৰিষদৰ পাঠ্যক্ৰম অনুসৰণ কৰা হৈছে। অসম, বুৰঞ্জী, ভূগোল আৰু ভাষা শিক্ষাৰ সম্যক জ্ঞান আহৰণৰ বাবে শৈক্ষিক ভ্ৰমণসূচীৰ লগতে অভিজ্ঞ আৰু দক্ষ ব্যক্তিয়ে যুগুতোৱা পাঠৰ পূৰ্ণ ব্যৱহাৰ কৰা হয় ।
একাদশ-দ্বাদশ শ্রেণী:
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পাঠ্যক্ৰম অনুসৰণ কৰা হৈছে।
একাদশ শ্রেণী (কলা শাখা)ৰ বিষয়সমূহ :
১) ইংৰাজী (বাধ্যতামূলক)
২) অসমীয়া (বাধ্যতামূলক)
৩) তলত দিয়া বিষয়সমূহৰ পৰা যিকোনো চাৰিটা বিষয় ল'ব লাগিব। তাৰে তিনিটা বিষয় বাধ্যতামূলক।
a) ৰাজনীতি বিজ্ঞান
b) অর্থনীতি বিজ্ঞান
c) শিক্ষা
d) ঐচ্ছিক অসমীয়া
e) আৰবী
f) তৰ্ক আৰু দৰ্শনশা
g) গণিত
Contact Us
Location:
Udmari, Singari Madrasa, Nagaon (Assam)
Email:
ujvsss2005@gmail.com
Call:
Principal 9435067972
Vice Principal 8638904556
Administrator 8486024256
Unitarian Jatiya Vidyalaya