ইউনিটেৰিয়ান জাতীয় বিদ্যালয়
শিক্ষাৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বজুৰি বিজ্ঞান সন্মতভাবে প্রতিষ্ঠিত এটা সত্য এয়ে যে শিক্ষা আহৰণৰ বাবে শ্রেষ্ঠ মাধ্যম হল নিজৰ মাতৃভাষা। প্রতিভা আৰু ব্যক্তিত্বৰ বিকাশত স্কুলীয়া স্তৰত, মাতৃভাষাৰ মাধ্যমত শিক্ষা আহৰণে গভীৰ প্ৰভাৱ পেলোৱাটো বিভিন্ন সমীক্ষাই প্রতিপন্ন কৰিছে। এই নীতিকে সৰোগত কৰি সমাজত বৈজ্ঞানিক কাৰিকৰী-অর্থ-সামাজিক-ভাষা-সাহিত্য সংস্কৃতি সকলো দিশতে এচাম নতুন প্ৰতিভাৰ সৃষ্টি আৰু গঢ় দিয়াৰ মানসেৰে ২০০৫ চনৰ ২০ মাৰ্চত ইউনিটেৰিয়ান জাতীয় বিদ্যালয় প্রতিষ্ঠা কৰা হৈছে। অসমীয়া ভাষা-সংস্কৃতি তথা জাতি মুঠেও নিঃকিন নিঃস্ব নহয় এটা চহকী আৰু সবল ভাষা থকা সত্বেও চাৰিওফালে বিৰাজ কৰা বৰ্তমানৰ একপ্ৰকাৰ হীনমন্যতা পৰিহাৰ কৰি আমি আত্ম প্রত্যয়েৰে আগবাঢ়ি আহিছোঁ যে অসমীয়া ভাষাৰ মাধ্যমেৰে সমাজ আৰু অভিভাৱকে বিচৰা শৃংখলাবদ্ধ পৰিবেশত ছাত্র-ছাত্রীক উপযুক্ত শিক্ষা প্ৰদান কৰিব পাৰি৷ নিজৰ পৰিচয় পাহৰি আৰু নিজৰ মূলটোৰ পৰা আঁতৰি পাৰিপাৰ্শ্বিক সমস্যাৰাজি উপলব্ধি কৰাৰ ক্ষেত্রতো একো একোজন দিশহাৰা নাগৰিক হৈ পৰাৰ সম্ভাৱনাৰ বিপৰীতে ইউনিটেৰিয়ান জাতীয় বিদ্যালয়ত অৰ্হতাসম্পন্ন ব্যক্তিত্ব আৰু দায়িত্বশীল শিক্ষক- শিক্ষয়িত্ৰীৰ তত্ত্বাবধানত এইচাম ছাত্ৰ-ছাত্ৰীয়ে স্বকীয়তা অক্ষুণ্ণ ৰাখিহে জ্ঞানৰ প্ৰসাৰিত দিগন্তৰ বুকুলৈ ধাৱমান হব এক আধুনিক দৃষ্টিভংগীৰে। বৰ্তমানৰ বহু শিক্ষানুষ্ঠানত বিৰাজ কৰা জঠৰতা, ব্যৱসায়মুখিতা আৰু আসোঁৱাহৰ বিপৰীতে সময়ৰ নতুন নতুন প্রয়োজনীয়তাৰ লগত খাপ খুৱাব পৰাকৈ ছাত্ৰ-ছাত্ৰীক গঢ় দিয়াৰ প্ৰত্যাহ্বান ইউনিটেৰিয়ান জাতীয় বিদ্যালয়ে গ্রহন কৰিছে। বিস্তৃত পৰিকল্পনাৰে গঢ় দিয়া বিদ্যালয়খনৰ মূল ভিত্তি হল ভাল শিক্ষা প্ৰদান কৰা আৰু ইয়াৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মানসিক, সামাজিক, নৈতিক, সাংস্কৃতিক আৰু বৌদ্ধিক বিকাশৰ বাবে সহায়ক পৰিৱেশ সৃষ্টি কৰা ৷
বদ্যালয় পৰিচালনা সমিতির মুখ্য উপদেষ্টাৰ একাষাৰ
আজিৰ পৰা প্ৰায় কুৰি বছৰ পূৰ্বে আমাৰ সতি-সন্ততিৰ যুগক উপযোগী কৰি আগবঢ়াই নিয়াৰ উদ্দেশ্যে প্ৰতিষ্ঠা হৈছিল ইউনিটেৰিয়ান জাতীয় বিদ্যালয় ।বিদ্যালয়খনিয়ে ভাষাৰ দৈন্যতা দূৰ কৰি মাতৃভাষাক মাধ্যম হিচাপে ল'লেও সংযোগী ভাষা হিচাপে ইংৰাজী ভাষাৰ ওপৰত পৰ্যাপ্ত গুৰুত্ব প্রদানেৰে প্ৰতিযোগিতা মুখৰ শিক্ষা আৰু সমাজ জীৱনত অসমীয়া মাধ্যম যে শিক্ষা আৰু কৰ্মজীৱনৰ কাৰণে কোনো কাৰণতে অন্তৰায় হব নোৱাৰে তাৰ বাবে যথোচিত ব্যৱস্থা লোৱা দেখা গৈছে। কেৱল বিদ্যায়তনিক দিশতেই নহয়, সহ-পাঠ্যক্ৰমৰ কাৰ্যসূচী গ্ৰহণ কৰি সকলো বৃত্তিৰ বাবে উপযোগী এচাম সৎ মানুহ আৰু সু-নাগৰিক সৃষ্টি কৰিবলৈ প্ৰয়াস কৰি আহিছে। বিদ্যালয়খনিয়ে সময় উপযোগী এক শিক্ষা প্ৰণালী আৰু পাঠ্যক্ৰম গ্ৰা কৰি ৰীতি-নীতি, পৰম্পৰা সমূহৰ মাজত বৈজ্ঞানিক দিশ সমূহক সামৰি লৈ আজিৰ কিশোৰ-কিশোৰী সকলক আধুনিক পৃথিৱীখনৰ লগত বিজ্ঞান সন্মতভাৱে পৰিচয় কৰি দিয়াৰ পণ লৈছে। আহক, সকলো সংকীর্ণতাৰ উৰ্দ্ধত থাকি নিজস্ব চিন্তা আৰু কৰ্মৰে ‘ইউনিটেৰিয়ান জাতীয় বিদ্যালয়ৰ জয়যাত্ৰাত চামিল হৈ আমাৰ সতি-সন্ততিক সু-শিক্ষাৰে শিক্ষিত কৰি তোলোহঁক। (ফজলুল হক মৰল )
অধ্যক্ষৰ মেজৰ পৰা
ইউনিটেৰিয়ান জাতীয় বিদ্যালয়লৈ স্বাগতম । (অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ নীতি নিৰ্দেশনাৰ আধাৰত প্রতিষ্ঠিত অসম চৰকাৰৰ স্বীকৃতি প্রাপ্ত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান), বিদ্যায়তনিক কৃতিত্ব আৰু সহ-পাঠ্যক্ৰম প্ৰদানৰ জৰিয়তে নগাঁৱৰ লগতে অসমৰ শৈক্ষিক মানদণ্ড ধাৰাবাহিকভাৱে উন্নত কৰাৰ প্ৰয়াসেৰে ২০০৫ চনত স্থাপিত হোৱা ইউনিটেৰিয়ান জাতীয় বিদ্যালয়ত ২০২৩-২৪ শিক্ষাবৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিক শাখাত কলা শাখাৰ লগতে বিজ্ঞান শাখাৰো সংযোজন কৰি গাৱলীয়া অঞ্চলত চহৰীয়া পৰিৱেশ সৃষ্টি কৰা হৈছে । ছাত্ৰ-ছাত্ৰীসকলক আধুনিক শিক্ষাৰে শিক্ষিত কৰাই আমাৰ এই শিক্ষানুষ্ঠানৰ মূল উদ্দেশ্য। আধুনিক শিক্ষা ব্যৱস্থাত কম্পিউটাৰ শিক্ষাৰ বহুল ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি চলিত বৰ্ষৰ পৰাই ছাত্ৰ-ছাত্ৰী সকলৰ বাবে সহ পাঠ্যক্ৰম ৰূপে কম্পিউটাৰ শিক্ষাৰ ব্যৱস্থা কৰা হৈছে। অভিজ্ঞ আৰু প্ৰশিক্ষণ প্রাপ্ত শিক্ষকসকলৰ দ্বাৰা পাঠদান আৰু ছাত্ৰ-ছাত্ৰীসকলক প্রয়োজনীয় সুযোগ-সুবিধাসমূহ প্রদান কৰাৰ ক্ষেত্ৰত আমি বদ্ধ পৰিকল্প। আর্থিকভাৱে দুর্বল ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ সাহায্যৰ ব্যৱস্থা আছে। গতিকে, এই বৃহত্তম এলেকাৰ ৰাইজে আমাৰ এই শিক্ষানুষ্ঠানখন চলাই নিয়াত সহায়-সহযোগ কৰিব বুলি আশা কৰিলোঁ ।
বাতৰি আৰু জাননী
বিদ্যালয়খনৰ বৈশিষ্ট্যসমূহ-
১) মাতৃভাষাৰ মাধ্যমত শিক্ষা আহৰণৰ বিষয়টো বিজ্ঞানসন্মত বুলি মানি লৈও আমি বৰ্তমানৰ প্ৰতিযোগিতামূলক পৃথিৱীত ইংৰাজী ভাষাৰ গুৰুত্ব অস্বীকাৰ কৰিব খোজা নাই। বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলে ইংৰাজী ভাষা আয়ত্ব কৰাৰ বিষয়ত যথোচিত গুৰুত্ব দিয়া হৈছে। আমি এই বিশ্বাসেৰে আগবাঢ়িছো যে, বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে শুদ্ধকৈ আৰু ভালকৈ অসমীয়া ভাষা কোৱা পঢ়া আৰু লিখাৰ লগতে শুদ্ধকৈ আৰু উন্নত মানৰ ইংৰাজী সমান দক্ষতাৰে কব, পঢ়িব আৰু লিখিব পৰা হ'ব৷ অৱশ্যে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ বাবে ইংৰাজী মাধ্যমত পাঠদান দিয়া হয় ।
২) বিদ্যালয়খনত ল'ৰা ছোৱালীৰ সহঃ শিক্ষাৰ ব্যৱস্থা আছে।
-
৩) বয়সৰ সীমা ২০২৫ শিক্ষাবৰ্ষত অংকুৰ শ্ৰেণীত নামভৰ্তিৰ বাবে বয়সৰ সীমা ৩ বছৰৰ পৰা ৪, কুহি শ্ৰেণীত নামভৰ্তিৰ বাবে বয়সৰ সীমা ৪ বছৰৰ পৰা ৫ আৰু সোপান শ্ৰেণীত নামভৰ্তিৰ বাবে বয়সৰ সীমা ৫ বছৰৰ পৰা ৬ বছৰ হ'ব। প্ৰথম শ্ৰেণীত ২০২৫ শিক্ষাবৰ্ষত নামভৰ্তিৰ বাবে বয়সৰ সীমা ৬ বছৰ হ'ব। পৰৱৰ্তী শ্ৰেণীসমূহত বয়সৰ উচ্চসীমা শ্রেণী অনুযায়ী নিৰ্ধাৰণ কৰা হ'ব। দ্বাদশ শ্ৰেণীলৈ শিক্ষাদানৰ ব্যৱস্থা আছে।
৪) ছাত্র-ছাত্রী সকলে অসম বুৰঞ্জীৰ সম্যক জ্ঞান আহৰণ কৰাটো স্কুলীয়া পাঠ্যক্ৰমৰ অন্তৰ্ভূক্ত কৰা হৈছে।
৫) শৈক্ষিক উদ্দেশ্যেৰে উপযুক্ত সময়ত ছাত্ৰ-ছাত্ৰীক অসমৰ বুৰঞ্জীপ্ৰসিদ্ধ ঠাইবোৰ সুন্দৰ নৈসৰ্গিক দৃশ্যৰে ভৰা ঠাইবোৰ ভ্ৰমণ কৰোৱাটো বিদ্যালয়ৰ কৰ্মসূচীৰ অন্তৰ্ভূক্ত কৰা হৈছে।
৬) ছাত্র-ছাত্রীয়ে যাতে নিজ হাতে-কামে পৰীক্ষা নিৰীক্ষা কৰি কথাবোৰ শিকিব পাৰে তাৰবাবে বিদ্যালয়খনত পৰীক্ষাগাৰৰ
ব্যৱস্থা আছে।
৭) ছাত্ৰ-ছাত্ৰীৰ মানসিক উৎকৰ্ষ সাধনৰ পৰিপূৰক আহিলা আৰু বিদ্যালয়খনৰ অপৰিহাৰ্য অংগ হিচাপে মানবিশিষ্ট ৰাজা ৰামমোহন ৰয় পাব্লিক লাইব্ৰেৰী নামাৰে এখনি পুথিভঁৰাল আছে আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলাত মনোনিৱেশ কৰা হৈছে ।
Read More .......
Image Gallery
Contact Us
Location:
Udmari, Singari Madrasa, Nagaon (Assam)
Email:
ujvsss2005@gmail.com
Call:
Principal 9435067972
Vice Principal 8638904556
Administrator 8486024256
Unitarian Jatiya Vidyalaya