নিয়মাবলী সম্পর্কে
বিদ্যালয়খনৰ নিজা নিয়মাবলী আছে। প্রয়োজনীয় সাল-সলনিৰে প্ৰতিটো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক এই নিয়মাবলী দিয়া হয়। বিদ্যাল য় সু-পৰিচালনাৰ বাবে প্রত্যেকে এই নিয়মাবলী মানি চলাটো বাধ্যতামূলক।
শ্ৰেণীত ছাত্র-ছাত্রীর উপস্থিতি: শ্ৰেণীত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি কমেও ১০% (নবৈ শতাংশ হ'ব লাগিব।
স্বাস্থ্য পৰীক্ষা : নিৰ্ধাৰিত দিনৰ পৰিৱৰ্তে শ্ৰেণীসমূহ চলি থকা দিনত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰতি বছৰে এবাৰকৈ ছাত্ৰ-ছাত্ৰীৰ
স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব।
অভিভাৱকৰ সভা : অভিভাৱকৰ সভাত অভিভাৱক /অভিভাবিকা কোনোবা এগৰাকীৰ উপস্থিতি বাধ্যতামূলক। নির্ধাৰিত সময়ত।
গৃহ পৰিদর্শন : বিদ্যালয় অংকুৰ শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈ এই সময়ছোৱাত মুঠ চাৰিবাৰ গৃহ পৰিদৰ্শন কৰা হয়।.
চিকিৎসা ব্যয় : বিদ্যালয় চৌহদত কোনো ছাত্ৰ ছাত্ৰীৰ আকস্মিক অসুখ-বিসুখ প্ৰাথমিক চিকিৎসাৰ দায়িত্ব বিদ্যালয়ে ল'ব । কিন্তু পৰৱৰ্তী পৰীক্ষা নিৰীক্ষা আৰু চিকিৎসার দায়িত্ব অভিভাৱকৰ।
ছাত্র-ছাত্ৰীয়ে বিদ্যালয়লৈ ম'বাইল ফ'ন, কেমেৰা, পেন ড্রাইভ, কেলকুলেটৰ আনি আনিব নোৱাৰিব। বছৰটোৰ বিভিন্ন পৰীক্ষাৰ যাবে নির্ধারিত পাঠ্যসূচী সমূহ ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰা হ'ব।
কিতাপ বহী সংগ্রহ গোটেই বছৰ জুৰি মাজে মাজে প্রয়োজন হোৱাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে বা তেওঁলোকৰ অভিভাবকে নগদ ধনৰ বিনিময়ত কাৰ্যআলয়ৰ পৰা কিতাপ, বহী আদি সংগ্ৰহ কৰিব পাৰিব ।
বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক সকলে শিক্ষক/শিক্ষয়িত্ৰীক সাক্ষাৎ কৰিবলৈ সুবিধা হোৱাকৈ এগৰাকী শিক্ষক সমন্বয়কৰ তত্বাৱধানত আন এটি কোঠাৰ ব্যবস্থা আছে।
পৰীক্ষা : অংকুৰ আৰু প্ৰাক-প্রাথমিক শ্ৰেণীৰ গোটেই বছৰটোত মাত্ৰ ছমহীয়া আৰু বছেৰেকীয়া পৰীক্ষাহে অনুষ্ঠিত হ'ব।
এই দুটা পৰীক্ষাৰ নম্বৰৰ ভিত্তিতেই ছাত্র/ছাত্ৰীক পৰৱৰ্তী শ্ৰেণীলৈ স্থান নির্ণয় কৰি উত্তীৰ্ণৰ বাবে বিবেচনা কৰা হ'ব। দুটা গোট পৰীক্ষাৰ মুঠ প্রাপ্ত নম্বৰৰ ২০ শতাংশ ছমহীয়া পৰীক্ষাৰ ৩০ শতাংশ নম্বৰ ছাত্ৰ ছাত্ৰীৰ প্ৰগতি প্ৰত্ৰত যোগ
কৰি সামগ্রিক ফলাফল ঘোষণা কৰা হ'ব।
গোট পৰীক্ষাসমূহ চলি থকা সময়ত পৰীক্ষা নথকা শ্ৰেণী সমূহ বন্ধ থাকিব।
ইয়াৰ উপৰিও প্ৰতি শনিবাৰে ২য় শ্রেণীৰ পৰা একাদশ শ্ৰেণীলৈকে প্ৰতিটো বিষয়ৰ ওপৰত শ্ৰেণী পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হয়।
পরিচয় পত্র : পৰিচয় পত্ৰখন বিদ্যালয়লৈ আহোতে সদায় লগত অনাটো বাধ্যতামূলক। আনকি বিদ্যালয়ৰ যিকোনো কাৰ্যসূচীত আহোতে ছাত্র/ছাত্রীসকলে পৰিচয় পত্ৰখন লগত অনাটো বাধ্যতামূলক। যদি কিবা কাৰণত পৰিচয় পত্ৰখন হেৰাই বা নষ্ট হৈ গ'লে ৫০ টকাৰ বিনিময়ত নতুনকৈ ল'ব পাৰিব।
Contact Us
Location:
Udmari, Singari Madrasa, Nagaon (Assam)
Email:
ujvsss2005@gmail.com
Call:
Principal 9435067972
Vice Principal 8638904556
Administrator 8486024256
Unitarian Jatiya Vidyalaya